শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বছৰি ৬ কোটিৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ…

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বছৰি আগবঢ়োৱা হ’ব ৬ কোটি টকাৰ অনুদান।

এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনৰ৷

Image

দেওবাৰে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অধিৱেশনস্থলীত উপস্থিত হৈ কেতবোৰ ঘোষণাৰ লগতে আলোকপাত কৰিলে শংকৰ গুৰুজনাৰ ওপৰত।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- এই দ্বিতীয় বৈকুণ্ঠলৈ আহিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্য৷ মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ আজি৷ অসমীয়া জাতিৰ পিতৃস্বৰূপ শংকৰদেৱ শ্ৰেষ্ঠতম অসমীয়া৷ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসম ভ্ৰমণ কৰি কোচবিহাৰত থিতাপি লৈছিল৷ জীৱনকালত যিবোৰ স্থানলৈ গুৰুজনা গৈছিল, তেনে কিছু স্থানত হয়তো নামঘৰো নাই, আমাৰ চৰকাৰে গুৰুজনাই যিবোৰ স্থানত নিশা কটাইছিল সেই স্থানত বৃহৎ নামঘৰ সাজিম৷ সেই স্থানবোৰলৈ যাবলৈ ASTCবাছৰ ব্যৱস্থা কৰিম৷ সেই স্থান সমূহত আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিম।’

Image

লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ প্ৰতি বছৰে ছয় কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়- বিশ্ববিদ্যালয়খনে অসমৰ সকলো বিশ্ববিদ্যালয়ক চেৰ পেলাব লাগিব৷ কাৰণ ইয়াত ভকতৰ প্ৰাণ আছে, বৰঙণি আছে৷

Image

আনহাতে নাহৰকটীয়াত এটা বৃহৎ নামঘৰ নিৰ্মাণৰ বাবে অভ্যৰ্থনা সমিতিক এককালীন ১কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment