শ্ৰমিকলৈ বুলি গুলী কৰোতে সন্তানৰ গাত লাগিল গুলী, ১৬ বছৰীয়া একমাত্ৰ পুত্ৰৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। শ্ৰমিকে পিতৃক দাবী কৰিছিল প্ৰাপ্য। কিন্তু শ্ৰমিকৰ দাবীৰ বিৰুদ্ধে ভয় দেখুৱাবলৈ পিতৃয়ে ব্যৱহাৰ কৰিছিল বন্দুক।

শ্ৰমিকক ভয় খুৱাবলৈ চেষ্টা কৰোতেই পিতৃৰ বন্দুকৰ পৰা গুলী ওলাই লাগিলগৈ ১৬ বছৰীয়া সন্তানৰ চকুত। যাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় পুত্ৰ।

পুত্ৰক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। কিন্তু দুৰ্ভাগ্যবশতঃ শুকুৰবাৰে চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে পুত্ৰই।

এই শােকাৱহ ঘটনা যোৱা মংগলবাৰে সংঘটিত হয় কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাত।

এই সন্দৰ্ভত মাংগালুৰু আৰক্ষী আয়ুক্ত এন শশীকুমাৰে কয় যে, “ঘটনাটো মঙলবাৰে বৈষ্ণৱী এক্সপ্ৰেছ কাৰ্গো প্ৰাইভেট লিমিটেডৰ ওচৰত সংঘটিত হৈছিল। এটা গুলীয়ে দশম শ্ৰেণীৰ ছাত্ৰ সুধীন্দ্ৰৰ বাওঁ চকুত বিন্ধিছিল আৰু মুৰত ৭ ৰ পৰা ৮ ইঞ্চি প্ৰৱেশ কৰিছিল।”

Dakshan-Kannada

তেওঁ লগতে কয়, “ৰাজেশ প্ৰভু নামৰ লোকজনৰ ওচৰত এটা অনুজ্ঞাপ্ৰাপ্ত বন্দুক আছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা খালী গুলী উদ্ধাৰ কৰিছে। অৱশ্যে, এই ঘটনাটো প্ৰকৃততে কেনেকৈ সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। খবৰ অনুসৰি ঘটনাটো শ্ৰমিকসকলৰ অমীমাংসিত প্ৰাপ্যৰ বাবেই সংঘটিত হৈছে। গোটেই ঘটনাটো অস্পষ্ট। আমি সেই সময়ত উপস্থিত থকা দেউতাক আৰু শ্ৰমিকসকলক প্ৰশ্ন কৰিম। আৰক্ষীয়ে চিচিটিভি ফুটেজ লাভ কৰিছে আৰু ঘটনাটোৰ সাক্ষী আছে। কিয়নো গুলীটো সম্পূৰ্ণ ৰাজহুৱা দৃষ্টিত গুলীচালনা কৰা হৈছে।”

আৰক্ষীৰ সূত্ৰই কয় যে, পৰিবহন কোম্পানী এটা চলাই থকা লোকজনৰ খং উঠিছিল। কিয়নো শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য দাবী কৰিছিল। তেওঁ তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল।

তেওঁলোকে কয় যে সমস্যাটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া শ্ৰমিক চন্দ্ৰ আৰু আশ্ৰাফে তেওঁলোকৰ প্ৰাপ্য দাবী কৰিছিল। লোকজনৰ শ্ৰমিকৰ সৈতে তৰ্কত লিপ্ত হয়।

পিছত হাতাহাতিত তেওঁ শ্ৰমিকৰ ওপৰত গুলীচালনা কৰিছিল। কিন্তু দুৰ্ঘটনাক্ৰমে গুলীয়ে তেওঁৰ পুত্ৰক আঘাত কৰিছিল।

বিগত ৩ দিন ধৰি মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত শুকুৰবাৰে কিশােৰজনে শেষ নিস্বাস ত্যাগ কৰে।

ইপিনে, এই ঘটনা সংক্ৰান্তত পিতৃ ৰাজেশ প্ৰভুক মংগলবাৰে সন্ধিয়াই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Leave a Comment