শ্বিলংস্থিত NPPৰ কাৰ্যালয়ৰ গেটত IED বোমা স্থাপনত জড়িত ৫ অপৰাধীক গ্ৰেপ্তাৰ…

শ্বিলংস্থিত নেচনেল পিপলছ পাৰ্টী (NPP)ৰ কাৰ্যালয়ৰ গেটত আইইডি বোমা স্থাপনত জড়িত ৫ অপৰাধীক গ্ৰেপ্তাৰ।

সোমবাৰে এই সন্দৰ্ভত অৱগত কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

মুখ্যমন্ত্ৰী চাংমাই কয় যে, প্ৰকৃততে বোমাটো কাৰ্যালয়ৰ বাহিৰত ৰখা ব্যক্তিসহ মুঠ পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁ জনোৱা মতে আগন্তুক ৪৮ ঘণ্টাত আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।

উল্লেখ্য, এই ঘটনাৰে জড়িত থকাৰ অপৰাধত হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ (HNLC) এজন সদস্য কাচান খাৰকংগৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল।

নিষিদ্ধ সংগঠনটোৱে এনপিপি কাৰ্যালয়ৰ বাহিৰত আইইডি বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল।

উল্লেখ্য, যোৱা ৪ অক্টোবৰত শ্বিলংস্থিত নেচনেল পিপলছ পাৰ্টীৰ কাৰ্যালয়ৰ গেটত ৫ কেজি ওজনৰ আইইডি উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

Leave a Comment