শ্বিলংঃ পুলিচ বজাৰত IED বিস্ফোৰণ দায়িত্ব স্বীকাৰ HNLC উগ্ৰপন্থী সংগঠনৰ

নিউজ ডেস্ক। দেওবাৰে নিশা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ ব্যস্ততম পুলিচ বজাৰত সংঘটিত আই ই ডি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ৰাজ্যখনৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন এইচ এন এল চিয়ে।

ইতিমধ্যে, ঘটনাত জড়িত থকা সন্দেহত এক নাবালককে ধৰি দুজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে মেঘালয় আৰক্ষীয়ে।

Meghalaya-Police-supervise-in-cleaning-the-bomb-blast-are-in-Police-bazar-that-occurred-on-Sunday-in

তদন্তকাৰী বিষয়াই চি চি টিভিৰ ফুটেজৰ পৰা এই বিস্ফােৰণৰ সন্দৰ্ভত সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

এই ঘটনাত জড়িত থকা সন্দেহত এইচ এন এল চিৰ এৰিয়া কমাণ্ডাৰক শ্বিলঙৰ পৰা আটক কৰা হৈছে।

22-2

লগতে, উগ্রপন্থীটোৰ নংথেমমাইস্থিত সম্পৰ্কীয় লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা আই ই ডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়।

ইপিনে, সংগঠনটােৱে এক বিবৃতিত কয় যে পুলিচ বজাৰত ব্যৱসায় কৰা একাংশ অনা-জনজাতীয় লােকৰ পৰা ধন সংগ্ৰহৰ উদ্দেশ্যেৰে এই বিস্ফােৰণ সংঘটিত কৰা হৈছিল।

Meghalaya-Police-supervise-in-cleaning-the-bomb-blast-are-in-Police-bazar-that-occurred-on-Sunday-in

একাংশ লােকে সময় মতে সংগঠনটােক ‘টেক্স’ আদায় দিয়া নাছিল।

অৱশ্যে জনসাধাৰণৰ ক্ষয়-ক্ষতি নকৰাৰ লক্ষ্যৰেই বিস্ফােৰণ দেওবাৰে সংঘটিত কৰা হৈছিল বুলি সংগঠনটােৱে প্ৰকাশ কৰে।

লগতে চাওকঃ

অসমত এনকাউণ্টাৰ চলা নাই, আৰক্ষীৰ ‘একশ্যন’ চলিছেঃ আৰক্ষী সঞ্চালকপ্ৰধান

photo-2022-01-31-19-51-40

Leave a Comment