শ্বাৰ্পে মুকলি কৰিলে উন্নত অভিজ্ঞতা লাভৰ বাবে নতুন মাল্টিফাংচনেল প্ৰিণ্টাৰ ছিৰিজ

জাপানৰ শ্বাৰ্প কৰ্পোৰেচনৰ সম্পূৰ্ণ মালিকানাধীন ভাৰতীয় সহায়ক কোম্পানী শ্বাৰ্প বিজনেছ চিষ্টেমচ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে ১৭ জানুৱাৰীত মোনোক্ৰোমৰ মাল্টিফাংচনেল প্ৰিণ্টাৰ মুকলি কৰাৰ ঘোষণা কৰিছে।

মুকলি কৰা এই প্ৰিণ্টাৰৰ চাৰিটা নতুন মডেল আছে, যাৰ ভিতৰত আছে বিপি-২০এম৩১টি, বিপি-২০এম২৮টি, বিপি-২০এম২৪টি আৰু বিপি-২০এম২২টি। যিসমূহে  উন্নত উৎপাদনশীলতা কাৰ্য, সুৰক্ষা বৃদ্ধি, শক্তিশালী ৱৰ্কফ্ল’ সুবিধা আগবঢ়াই আৰু একত্ৰিত ব্যৱহাৰকাৰী ইন্টাৰফেচত এই সকলোবোৰে উচ্চ উৎপাদনশীলতাত অৰিহণা যোগোৱাৰ লগতে পৰিচালনা ব্যয় হ্ৰাস কৰাত সহায় কৰে।

এই নতুন মডেলবোৰ এনাৰ্জী এফিচিয়েণ্ট হোৱাকৈ প্ৰস্তুত কৰা হৈছে, ইয়াৰ এছএমই, বিএফএছআই, চৰকাৰী প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা, শিক্ষা, লজিষ্টিক, ই-কমাৰ্চ, মডাৰ্ণ ৰিটেইল, আৰু অন্যান্য কৰ্মস্থানত কম্প্যাক্ট এমএফপিৰ সৈতে ভাৰচটিল কপি,প্ৰিণ্ট আৰু স্কেন চলিউছনৰ জনপ্ৰিয়তা আছে।

এই সন্দৰ্ভত শ্বাৰ্প বিজনেছ চিষ্টেমছ(ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰিচালনা সঞ্চালক শিঞ্জি মিনাটোগাৱা কয়, “কাৰ্যালয়ৰ ভিতৰত আৰু বাহিৰত ৱৰ্কফ্লো অধিক সুশৃংখল কৰাৰ এক দৃষ্টিভংগীৰে আমি আমাৰ মাল্টি-ফাংচনেল প্ৰিণ্টাৰ (এমএফপি)লাইন আপ শক্তিশালী কৰি আছোঁ, যিবোৰে কাৰ্যক্ষমতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ সেৱা আগবঢ়ায়। নতুন শ্ৰেণীৰ কামৰ পৰিৱেশত নথিবোৰৰ প্ৰয়োজনীয়তাবোৰ সমাধান কৰে।নতুন কম্প্যাক্ট ষ্টাইলিছ মডেলবোৰে বৰ্ধিত উৎপাদনশীলতাৰ সুবিধা প্ৰদান কৰে, তাৰ লগতে প্ৰতিলিপি আৰু প্ৰিণ্ট গতি হৈছে ৩১/২৮/২৪ আৰু ২২ পিপিএম আৰু কালাৰ স্কেনৰ গতি হৈছে ৩৭ অ’পিএম।”

তেওঁ লগতে কয়, ”এমএফপিয়ে ষ্টেণ্ডাৰ্ড ১ জিবি ৰেমৰ সৈতে দক্ষতাৰে কাম কৰে আৰু পিচিএল প্ৰিণ্টিং, দ্ৰুত ৱাৰ্ম-আপ পিৰিয়ড আৰু ২১০০ লৈকে শ্বীটৰ নিৰন্তৰ কপিইং/প্ৰিণ্টিং কাম কৰে। এই দ্ৰুত নেটৱৰ্ক-ৰেডী এমএফপিয়ে দ্ৰুত গতিত সৃষ্টি কৰে আউটপুট আৰু অনন্য কাৰ্যক্ষমতা আৰু কেইবাটাও উৎপাদনশীলতাৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত ই সকলোৰে বাবে প্ৰিণ্টিং, কপি আৰু কালাৰ স্কেনিং প্ৰয়োজনীয়তাৰ উপযুক্ত হৈ উঠে।নতুন ছিৰিজটোৱে শ্বাৰ্প ডেস্ক ম’বাইল স্মাৰ্ট ফোন এপ্লিকেচনত সংযোগ কৰিবলৈ বিকল্প প্ৰদান কৰে, ইয়াৰ ভিতৰত আছে প্ৰিণ্ট/স্কেন ফৰ ম’বাইল, কিউআৰ কোড প্ৰিণ্টিং, ইউএছবি ডাইৰেক্ট প্ৰিণ্টৰ পৰা প্ৰিণ্ট।এমএফপি পেনেলৰ পৰা প্ৰিণ্ট/স্কেন পোনপটীয়াকৈ বাছনি কৰিবলৈ অনুমতি দিয়ে।”

শ্বাৰ্পে এক অভিনৱ প্ৰযুক্তি ব্যৱহাৰ কৰিছে ইয়াৰ এমএফপিত, যাৰ ফলত ই হৈ পৰিছে এক শক্তি ৰাহি কৰা সামগ্ৰী। কেৱল ০.৫ ৱাট শক্তি ব্যৱহাৰ হয় নেটৱৰ্ক ষ্টেণ্ডবাই মোডত।

শ্বাৰ্পৰ নতুন এমএফপি ছিৰিজৰ ভিতৰত আছে বিপি-২০এম৩১টি, বিপি-২০এম২৮টি, বিপি-২০এম২৪টি, আৰু বিপি-২০এম২২টিৰ  মূল্য ১,৩২,৫০০ টকাৰ পৰা আৰম্ভ হয়।

নতুন এমএফপি ছিৰিজটো সমগ্ৰ শ্বাৰ্প কাৰ্যালয়ত ক্ৰয়ৰ বাবে উপলব্ধ হ’ব। লগতে সমগ্ৰ ভাৰতত কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰশ্বিপতো উপলব্ধ হ’ব।

Leave a Comment