শ্বাসৰুদ্ধকৰ! বনভোজৰ আনন্দৰ মাজতে হঠাৎ হাতীৰ আতংক…

নিউজ ডেস্কঃ ভৈৰৱকুণ্ডৰ বনভোজস্থলীত হঠাৎ বন্যহস্তীৰ আতংক।

বনভোজৰ আনন্দ উছাহত মতলীয়া হৈ থকাৰ সময়তে পাহাৰৰ পৰা নামি আহিল এটা বন্যহস্তী।

ইফালে হাতীটো দেখিয়েই হাহাকাৰ লাগে বনভোজকাৰীৰ মাজত।

হাতীটোৰ আতংকত লৰাধপৰা লাগে উপস্থিত সকলৰ মাজত।

অৱশ্যে কিছু সময় বিচৰণ কৰাৰ পিছতে কোনো অনিষ্টসাধন নকৰাকৈ পুনৰ অৰুণাচলৰ পাহাৰলৈ উভতি যায় হাতীটো।