শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পুত্ৰৰ চোৱা-চিতাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

মণিপুৰ এম্বুছত শ্বহীদ হোৱা সুমন স্বৰ্গীয়াৰীৰ পুত্ৰৰ চোৱা-চিতাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ কাঁহীবাৰীস্থিত বাসগৃহত উপস্থিত হৈ শ্বহীদ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে শ্বহীদৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পত্নীৰ হাতত অৰ্পন কৰে ৫০ লাখ টকাৰ ছেক।

ইয়াৰ পিছতেই শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পুত্ৰ সন্তান বৰাদ স্বৰ্গীয়াৰীৰ চোৱা-চিতাৰ দায়িত্ব গ্ৰহণ কৰাৰ সংকল্প লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াত লিখে যে ”আজি কিছু সময় শ্বহীদ পৰিয়ালটোৰ সৈতে অতিবাহিত কৰি বীৰগৰাকীৰ লগতে পৰিয়ালটোৰ এই সৰ্বোচ্চ ত্যাগক নমন জনালোঁ। ৰাষ্ট্ৰক সুৰক্ষা প্ৰদান কৰি নিজৰ জীৱন উৎসৰ্গিত কৰা পৰিয়ালৰ কাষত থিয় দিয়াটো আমাৰ সকলোৰে সামূহিক দায়িত্ব। মই শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পুত্ৰ বৰাদ স্বৰ্গীয়াৰীৰ চোৱাচিতাৰ দায়িত্ব গ্ৰহণৰ সংকল্প গ্ৰহণ কৰিছোঁ”।

Leave a Comment