নিউজ ডেস্ক। পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত শ্বহীদ গৃহৰক্ষী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হ’ল মন্ত্ৰী যােগেন মহন।
এই ঘটনাৰ ৬ দিনৰ পিছত বিদ্যাছিং লেকথেৰ পৰিয়ালক এছডিআৰফ আঁচনিৰ অধীনত ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ লগতে বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
তেওঁ লগতে কয় যে বিদ্যাছিং লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়। উক্ত চৰকাৰী কাৰ্যালয় চৌহদত লেকথেৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।
বিদ্যাছিঙৰ পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰো আশ্বাস।