শ্বহীদ পৰিয়ালৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শনিবাৰে এদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ অহা কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ বীৰ যোদ্ধালৈ শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অৰ্পণ কৰে।

১০৫ গৰাকী বীৰ যোদ্ধালৈ প্রদান কৰা হয় এই সন্মান। ইয়াৰ ভিতৰত অসমৰ ৯গৰাকী শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁলোকৰ বিধৱা পত্নী, আঘাত প্ৰাপ্ত ৬গৰাকী সৈনিকসহ দুগৰাকী যুদ্ধবন্দী সৈনিকৰ লগতে যুদ্ধত অংশ লোৱা ৭২গৰাকী সৈনিকক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

কলাক্ষেত্রৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী।

শনিবাৰে অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, দেশৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলক এতিয়াৰ পৰা ২০ লাখ টকাৰ সলনি ৫০ লাখ টকা দিয়া হ’ব আৰু তেওঁলোকৰ পৰিয়ালৰ এজন ব্যক্তিক চৰকাৰী চাকৰিও দিয়া হ’ব।

প্ৰাক্তন সৈনিকসকলৰ সন্দৰ্ভত ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মই গৌৰৱৰে কওঁ যে আমাৰ চৰকাৰে প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে বহুতো সিদ্ধান্ত লৈছে। চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ বৃদ্ধি কৰা হৈছে। গ্ৰুপ চি আৰু গ্ৰুপ ডি-ত ২ শতাংশ সংৰক্ষণ দিয়া হ’ব’।

উল্লেখ্য যে অসম চৰকাৰে ১৯৭১ চনৰ যুদ্ধত সৰ্বোচ্চ বলিদান দিয়া শ্বহীদসকলৰ সন্মানত এই অনুষ্ঠানৰ আয়োজন কৰিছে।

এই যুদ্ধ পাকিস্তান আৰু ভাৰতৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত ভাৰতে পাকিস্তানক দুটা ভাগত বিভক্ত কৰি বাংলাদেশ জন্ম দিছিল।

Leave a Comment