ৰাষ্ট্ৰীয়অসমীয়া

শ্বহীদ পিতৃ-প্ৰয়াত মাতৃৰ সপােন সাৰ্থক কৰি ভাৰতীয় সেনাত বিষয়া হ’ল পুত্ৰ

পিতৃৰ পদাংক অনুসৰণ কৰি ভাৰতীয় সেনাৰ লেফটেনেন্ট হিচাপে নিৰ্বাচিত হৈছে শ্বহীদ মেজৰ অমিয় ত্ৰিপাঠীৰ একমাত্ৰ পুত্ৰ কুশাগ্ৰ ত্ৰিপাঠী।

শ্বহীদ পিতৃৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা কুশাগ্ৰ এতিয়া আন বহু যুৱকৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস। কুশাগ্ৰই ২০১৯ চনত টিইএছ পৰীক্ষাত প্ৰথম স্থান লাভ কৰি লেফটেনেণ্ট হিচাপে নিৰ্বাচিত হয়।

1

আনহাতে কুশাগ্ৰৰ বাচনিৰ পাছতে অঞ্চলটোৰ যুৱক-যুৱতীয়ে সেনাত যোগদান কৰিবলৈ অধিক আগ্ৰহী হৈ পৰে।

বাতৰি অনুসৰি, কুশাগ্ৰৰ অঞ্চলটোৰ প্ৰায় ১৫শ যুৱক-যুৱতীয়ে সেনাৰ বিভিন্ন পদৰ বাবে প্ৰস্তুতি চলাই আছে। ইতিমধ্যে দুজন যুৱকৰ বাছনিও সম্পন্ন হৈছে।

উল্লেখ্য যে, ২০০৪ চনৰ ২৫ মে’ত জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল তামকুহী খণ্ডৰ চন্দ্ৰাউতাৰ বাসিন্দা ৰামসাকাল ত্ৰিপাঠীৰ কনিষ্ঠ পুত্ৰ মেজৰ অমিয় ত্ৰিপাঠী।

4

দেশ মাতৃৰ বাবে প্ৰাণ বলিদান পূৰ্বেও অতি সাহসিকতাৰে ৪জনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গুলীৰে থকাসৰকা কৰিছিল মেজৰ অমিয় ত্ৰিপাঠীয়ে।

দেশ মাতৃৰ হকে পিতৃ শ্বহীদ হোৱাৰ সময়ত কুশাগ্ৰৰ মাত্ৰ ৪ বছৰ বয়স। পিতৃৰ এই সাহসিকতাৰ কাহিনী শুনি ডাঙৰ হোৱা কুশাগ্ৰৰ বাবে অৱশ্যেই পিতৃক হেৰুৱাৰ পিছত নামি আহিছিল অনেক প্ৰত্যাহ্বান।

আৰ্থিক সমস্যাই গিলি পেলোৱা পৰিয়ালটোত কুশাগ্ৰৰ অধ্যয়নৰ বাবেও বাধাৰ দেৱাল থিয় হৈছিল। কিন্তু সকলো বাধা নেওচি, অশেষ পৰিশ্ৰমেৰে লক্ষ্ণৌৰ চেইণ্ট ফ্ৰান্সিছ স্কুলৰ পৰা উচ্চ আৰু মধ্যৱৰ্তী পৰাক্ষী সমাপ্ত কৰে কুশাগ্ৰই। তাৰ পিছত তেওঁ দিল্লীত স্নাতক শিক্ষা গ্ৰহণ কৰে।

3

পিতৃৰ পদাংক অনুসৰণ কৰি সৰুতেই দেশৰ হকে যুঁজ দিয়াৰ প্ৰতিজ্ঞা লৈছিল কুশাগ্ৰই। সেয়া আছিল তেওঁৰ শ্বহীদ পিতৃৰো সপোন। যাৰ বাবে স্নাতক শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে তেওঁ টিইএছ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলায় আৰু দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়।

ইয়াৰ মাজতে কুশাগ্ৰৰ জীৱনলৈ নামি আহে আন এক দুৰ্যোগ। দীৰ্ঘদিনৰ পৰা কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা তেওঁৰ মাতৃ তথা শ্বহীদ অমিয় ত্ৰিপাঠীৰ পত্নী ৰঞ্জনা ত্ৰিপাঠীৰ ২০২০ৰ ২০ ডিচেম্বৰত আকস্মিক বিয়োগ ঘটে। লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰঞ্জনা ত্ৰিপাঠীয়ে। কুশাগ্ৰৰ তেতিয়া ১৭ বছৰ।

Untitled-1-copy

মাতৃৰ বিয়োগৰ পিছত ঘাতমাউৰা হৈ পৰা কুশাগ্ৰৰ বাবে জীৱন যুদ্ধ অধিক বেছি কঠিন হৈ পৰে। কিন্তু তাৰ পিছতো পিতৃৰ সপোন বাস্তৱায়িত কৰি দেশমাতৃৰ সেৱাত ব্ৰতী হোৱাৰ যি তেওঁৰ দুৰন্ত হেঁপাহ, সিয়েই এক নতুন উদ্যম দিয়ে কুশাগ্ৰক। যাৰ ফলত দেশৰ ভিতৰতে টিইএছ পৰীক্ষাৰ শীৰ্ষস্থান দখল কৰি লেফটেনেন্ট হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হয় কুশাগ্ৰ ত্ৰিপাঠী।

বৰ্তমান পুনেত চলি আছে কুশাগ্ৰৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণ ২০২৩ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হব। কুশাগ্ৰৰ মতে, প্ৰকৃত মন আৰু নিষ্ঠা থাকিলে লক্ষ্য প্ৰাপ্ত কৰা সহজ।

কুশাগ্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে তামকুহী অঞ্চলৰ মাথিয়াত ১০০ জন যুৱক-যুৱতীয়ে, ৰুদৱালিয়াত ৩০০ জনে, ডঘৰাত ৪০০ জনে, ভেলায়া চন্দ্ৰুতাত ৩০০ জনে, জৱাহৰ ভাইছাত ১০০ জনে, চেমৰা হাৰদোপট্টিত ১০০ জনে, চাপাহি এল্ডেৰলীৰ কৰিচৱানীত ৫০ জন যুৱক-যুৱতীয়ে এতিয়া সেনাত ভৰ্তি হোৱাৰ বাবে প্ৰস্তুতি চলাই আছে।

ইয়াৰ ভিতৰত মাথিয়াৰ ৰাজেন্দ্ৰ আৰু গুৰৱালিয়াৰ আছাৰ্ফি নামৰ যুৱক দুজনে ভাৰতীয় সেনাত নিৰ্বাচিতও হৈছে।

লগতে চাওকঃ

DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ

G4-3

এদিন ষ্টেচনত কুলীৰ কাম কৰিছিল, আজি হ’ল IAS বিষয়া!

G3-1

Related Articles

Leave a Reply

Back to top button