Mon. Nov 23rd, 2020

নিউজ ডেস্ক। জনাঞ্চলত প্ৰৱেশ কৰি পুনৰ সংকটত পৰিল গজৰাজ! জাকৰ পৰা বিচ্ছিন্ন হৈ সােমাল ৫੦ ফুট গভীৰ কুঁৱাত।

এই অভাৱনীয় ঘটনা সংঘটিত হয় তামিলনাডুত।

তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ পালাকােড নামৰ ঠাইত সংঘটিত হয় এই অঘটন।

উল্লেখ্য যে ঘটনাৰ খবৰ লাভ কৰাৰ পাছত বৃহস্পতিবাৰে পুৱাৰে পৰা বন বিভাগ তথা আৰক্ষীৰ লােক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

হাতীটােক উদ্ধাৰ কৰিবলৈ দুটা ক্ৰেনৰ জৰিয়তে প্ৰচেষ্টা চলােৱা হয়।

প্ৰায় ১৩ ঘন্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত হাতীটােক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলটাে।

উল্লেখ্য যে উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত শ শ স্থানীয় লােকে ভিৰ কৰে।

বন বিভাগে প্ৰকাশ কৰা মতে, হাতীটােৰ বয়স আনুমানিক ২৫-৩੦ বছৰ।

ৰামগড়ৰ ডিএফঅ’ বেদ প্ৰকাশ কম্বােজে জনােৱা মতে, সমীপতে থকা বনাঞ্চলৰ পৰা জাকৰ সৈতে ওলাই অহা হাতীটাে খেতি পথাৰত থকা কুঁৱাত পৰি যায়।

উদ্ধাৰ অভিযানৰ সময়ত বন বিভাগে একাধিকবাৰ হাতীটােক ট্ৰাংকুলাইজ কৰিবলগীয়া হয়। বৰ্তমানে হাতীটাে সুস্থ অৱস্থাতে আছে।