শোকাৱহ! ৰে’লৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে মহাবিদ্যালয়ৰ অধ্যাপিকা ড° সংজিতা দত্তই…

এক শোকাৱহ ঘটনা।

ৰে’লৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপিকাই।

গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত মৃত্যুক সাৱটি লয় নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ড° সংজিতা দত্তই।

প্ৰতিদিনে ৰে’লেৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা-যোৱা কৰা অধ্যাপিকাগৰাকীয়ে বৃহস্পতিবাৰেও মহাবিদ্যালয়খনৰ পৰা গুৱাহাটীলৈ উভতি গৈছিল।

পিছে নাৰেংগী ৰে’ল ষ্টেচনত ৰে’লৰ পৰা নমাৰ সময়তেই দুৰ্ভাগ্যজনকভাৱে ৰে’লৰ তলত তেওঁৰ ভৰি সোমাই যায়।

ইয়াৰ পিছতেই শোকাৱহভাৱে মৃত্যুক সাৱটি লয় শিক্ষয়িত্ৰীগৰাকীয়ে।

পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগত সোণৰ পদক অৰ্জন কৰা প্ৰয়াত ড° সংজিতা দত্তই তেওঁৰ স্বামীৰ লগতে পুত্ৰ-কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।