অসম

শোকাৱহ! ৰাজপথ পেলাই থৈ যোৱা মাটিৰ দ’মত প্ৰচণ্ড খুন্দা মাৰি প্ৰাণ হেৰুৱালে নিলোৎপলে…

এক শোকাৱহ ঘটনা।

ৰাজপথ পেলাই থৈ যোৱা মাটিৰ দ’মত খুন্দিয়াই প্ৰাণ হেৰুৱালে এগৰাকী যুৱকে।

 মঙলদৈ থানাৰ অন্তৰ্গত জনাৰামচৌকাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

নিহত যুৱকজন জনাৰামচৌকাৰ কেওটপাৰা গাঁৱৰ হোদাপাৰা চুবুৰীৰ প্ৰাক্তন আলফা তথা সৰবৰহী নাগৰিক দেৱেন মেধীৰ একমাত্ৰ পুত্ৰ নিলোৎপল মেধী(বুবু) (২৮) বুলি জানিব পৰা গৈছে।

p2 2

জানিব পৰা মতে, মঙলদৈৰ এখন মটৰচাইকেল ডীলাৰত কৰ্মৰত যুৱকজনে আন দিনাৰ দৰে যোৱা ১৪ জুলাইতো মটৰ চাইকেলেৰে নিশা ঘৰলৈ আহি আছিল ৷ তাৰ আগমুহুৰ্তত এম পি কে পথৰ জনাৰাম চৌকাৰ সমীপৰ হৰিণখোজাত বানে ছিগা এছোৱাত ট্ৰেক্টৰেৰে মাটি পেলোৱা হৈছিল৷

কিন্তু কোনোধৰণৰ আগতীয়া সতৰ্কীকৰণ অৱিহনে এইদৰে পথৰ ওপৰত মাটিৰ দম কৰি থোৱাতো নিশাৰ ভাগত সহজে চকুত নপৰাত নিলোৎপলে মাটিৰ দমত খুন্দিয়াই বাগৰি পৰি গুৰুতৰভাৱে আহত হয়৷

p3 1

তেওঁক স্থানীয়লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু পাছত আমিনগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে৷

বিগত তিনিদিনে মৃত্যুৰ স’তে যুঁজি থকা যুৱকজনে অৱশেষত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷

যুৱকজনৰ মৃত্যুত যিদৰে সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে সেইদৰে গড়কাপ্তানি বিভাগৰ ওপৰতো সকলোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে দীপিকাই…

G3 1

বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত ‘ককাইদেউ’ৰ সমৰ্থনত ‘কমেন্ট’ কৰি ৰঙাঘৰত…

G4 3

Related Articles

Back to top button