শোকাৱহ! ৰাজপথত ছিগি পৰি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যু গৃহৰক্ষী জোৱান হেমন্তৰ

এক শোকাৱহ ঘটনা।

ৰাজপথত ছিগি পৰি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যু এগৰাকী গৃহৰক্ষী জোৱানৰ।

চৰাইদেউ জিলাৰ সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা।

image 86
শোকাৱহ! ৰাজপথত ছিগি পৰি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যু গৃহৰক্ষী জোৱান হেমন্তৰ 2

জানিব পৰা মতে, দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি বাইকেৰে কৰ্মস্থান বৰহাটলৈ আহি থকা অৱস্থাত পথৰ ওপৰত চিগি পৰি থকা এডাল ১১ হাজাৰ ভল্ট’ৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়।

নিহত গৃহৰক্ষী জোৱানজন বৰহাট আৰক্ষী থানাৰ হেমন্ত গগৈ।

হেমন্ত গগৈৰ ঘৰ সাপেখাতীৰ লংপটীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

নিশা অহা এজাক প্ৰচণ্ড ধুমুহা-বতাহৰ ফলতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পথৰ ওপৰত পৰি আছিল। যাৰ ফলত সংঘটিত হ’ল এই কৰুণ ঘটনাটো।

ঘটনাক লৈ অঞ্চজুৰি পৰিছে শোকৰ ছাঁ।