শোকাৱহ! স্কুলীয়া ছাত্ৰ কঢ়িয়াই নিয়া অটোৰ সৈতে ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ, থিতাতে নিহত ৭ টা শিশু…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

স্কুলীয়া ছাত্ৰ কঢ়িয়াই নিয়া অটোৰ সৈতে ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৭টাকৈ কণমানি ছাত্ৰই।

ছত্তীশগড়ৰ কাঙ্কেৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে দুটি শিশু।

জানিব পৰা মতে, কোৰ আৰক্ষী থানা এলেকাত স্কুলীয়া শিশুৰে ভৰ্তি এখন অটো আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে অটোখন বহু দূৰলৈ চিটিকি গৈ খাৱৈত পৰে।

লগে লগে আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত শিশুসকলক তাততৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।

দুৰ্ঘটনাটোক লৈ ইতিমধ্যেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।