শোকাৱহ! সমনীয়াৰ স’তে নৈত সাঁতুৰিব গৈ সলিল সমাধি ঘটিল ছাত্ৰ টিয়কজ্যোতিৰ…

এক শোকাৱহ ঘটনা।

সমনীয়াৰ স’তে নৈত সাঁতুৰিব গৈ সলিল সমাধি ঘটিল এগৰাকী ছাত্ৰৰ।

বুঢ়ী দিহিং নৈত সমনীয়াৰ স’তে সাঁতুৰিব গৈ সলিল সমাধি ঘটিল টিয়কজ্যোতি কোঁৱৰ নামৰ এজন ছাত্ৰৰ।

দেওবাৰে বিয়লি লাহোৱাল ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত দংগৰ পথাৰ গাঁৱৰ বুঢ়ীদিহিংৰ খনাজানত ফুলাম গাঁৱৰ টিয়কজ্যোতি কোঁৱৰ নামৰ ছাত্ৰজনে সমনীয়াৰ স’তে সাতুৰিব যোৱা অৱস্থাত নৈৰ সোঁতত উটি যায়।

যাৰ ফলত সলিল সমাধি ঘটে ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত টিয়কজ্যোতিৰ।

ৰাইজে বহু সময় ধৰি নৈত মৃতদেহটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা কৰিছিল যদিও নৈৰ গভীৰতা আৰু প্রবল সোঁতৰ বাবে মৃতদেহটো উদ্ধাৰ কৰাত ব্যর্থ হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লগতে NDRF/SDRF বাহিনী উপস্থিত হৈ নিশালৈ উদ্ধাৰ অভিযান চলাই যদিও SDRF বাহিনীয়ে নিশা হোৱা বাবে উদ্ধাৰ বন্ধ ৰাখে।

ছাত্ৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ।