অসম
শোকাৱহ! মালবাহী ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু, ৰে’ল এৰি চালকে পলায়ন কৰাৰ অভিযোগ…

এক শোকাৱহ ঘটনা।
পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীয়ে হেৰুৱালে প্ৰাণ।
লংকাত ৰে’লৰ খুন্দাত এটা হাতীৰ কৰুণ মৃত্যু হৈছে।
হাৱাইপুৰ গোসাঁইগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই দুর্ঘটনা।
ইফালে দুঘটনাৰ পিছতে ৰে’ল এৰি চালকে পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ৰে’ল বিভাগৰ হেমাহিত হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে বন বিভাগে।
উল্লেখ্য যে, বন বিভাগৰ টহলদাৰী দলে টৰ্চ জ্বলাই ৰে’ল চালকক সংকেট দিয়াৰ পিছতো চালকে ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰা নাছিল বুলিও অভিযোগ তুলিছে বন বিভাগে।