এক শোকাৱহ ঘটনা।
মাছ ধৰিবৰ বাবে জাল পাতি থাকোঁতেই দ’ খাৱৈত সোমাই পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে।
নগাঁও জিলাৰ ননৈ পহৰা আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰৰ ঘোগৰজলাহত সংঘটিত হৈছে এই কৰুণ ঘটনা।
নিহত যুৱক জন ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বঢ়মপুৰৰ সমীপৱৰ্তী পোটনি ম’হৰটোপ নিৱাসী গোপাল কলিতা আৰু গীতা কলিতাৰ একমাত্ৰ পুত্ৰ ৰক্তিম কলিতাই (১৯) স্থানীয় তিনিজনমান যুৱকৰ সৈতে ওচৰৰে ঘোগৰজলাহৰ পানীত মাছ ধৰিবৰ কাৰণে জাল পাতি থকা অৱস্থাতে হঠাতে দ’ খাৱৈত ডুব যায়।
ইয়াকে লৈ যুৱককেইজনৰ মাজত হৈ-চৈ হোৱাত স্থানীয় একাংশ লোকে যুৱকজনক পানীৰ পৰা উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ নিয়ে।
কিন্তু চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে যুৱকজনক।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল