এক অতি শোকাৱহ ঘটনা৷
মন্দিৰত পূজা কৰিবলৈ গৈ কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে ৩৫ জনকৈ লোকে৷ গুৰুতৰভাৱে আহত ১৮ জনকৈ লোকক উদ্ধাৰ৷
এই শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।
ৰাজ্যখনৰ ইন্দোৰস্থিত বালেশ্বৰ মন্দিৰত এটা কুঁৱাৰ ছাদ খহি পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত ৩৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।
উল্লেখ্য যে, ৰাম নৱমীৰ পূজা উপলক্ষে মন্দিৰটোত ভিৰ কৰিছিলহি স্থানীয় লোকসকলে।
তাৰে একাংশই মন্দিৰৰ এটা কুঁৱাৰ ঢাকোনৰ ওপৰত থিয় হৈ আছিল।
প্ৰায় ৪০ জন লোকে এইদৰে ঢাকোনখনত থিয় হৈ থকাত সেই ঢাকোনখন ভাঙি খহি পৰে আৰু কুঁৱাৰ ভিতৰত সোমাই পৰে আটাইকেইজন লোক।
ইয়াৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷
উল্লেখ্য, কুঁৱাটোৰ ভিতৰত সোমাই পৰা লোকসকলৰ অধিকাংশই মহিলা আৰু শিশু।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পৰিছে।
প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে ঘটনাত দুখ প্ৰকাশ কৰিছে।
Extremely pained by the mishap in Indore. Spoke to CM @ChouhanShivraj Ji and took an update on the situation. The State Government is spearheading rescue and relief work at a quick pace. My prayers with all those affected and their families.
— Narendra Modi (@narendramodi) March 30, 2023
আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ বিপৰীতে আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকা ঘোষণা কৰিছে৷