শোকাৱহ! ভয়ংকৰ বাছ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অধ্যাপক অঞ্জনজ্যোতি বৰাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বাছ।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যু এগৰাকী অধ্যাপকৰ।

কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন বনগাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ বাছ দুৰ্ঘটনাটো।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ‘আৰফান’ নামৰ বাছখন গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আছিল।

image 37
শোকাৱহ! ভয়ংকৰ বাছ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অধ্যাপক অঞ্জনজ্যোতি বৰাই... 2

মৃত অধ্যাপকজন অঞ্জনজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে।

অধ্যাপক অঞ্জনজ্যোতি বৰা কামৰূপৰ নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আছিল।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ- AS 01 IC 4046.

অধ্যাপক অঞ্জনজ্যোতি বৰাৰ মৃত্যুত সমগ্ৰ নগৰবেৰা অঞ্চলত পৰিছে গভীৰ শোকৰ ছাঁ।