fbpx
অসম

শোকাৱহ! বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰে মাতৃ-পুত্ৰ-কন্যাসহ এইপৰ্যন্ত ৭জনৰ মৃত্যু…

নিউজ ডেস্ক। বিষাক্ত কাঠফুলা খোৱাৰ ভীষণ পৰিণতি।

সোণাৰিত বিষাক্ত কাঠফুলা খাই এই পৰ্যন্ত মৃত্যুক সাৱটিলে ৭ গৰাকীকৈ লোকে।

উল্লেখ্য যে, এই ঘটনাত একেটা পৰিয়ালৰে মাতৃ-পুত্ৰ-কন্যাই সাৱটিলে কৰুণ মৃত্যুক।

বিগত ৭ এপ্ৰিলত ডিব্ৰুগড়ৰ এটা পৰিয়ালে বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল।

516

বিষাক্ত কাঠফুলা ভক্ষণ কৰা ঘটনাৰ পিছতে চাৰিজন লোকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত মঙলবাৰে পুনৰ আন তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাই।

যাৰ ফলত ৭ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা।

চিকিৎসাধীন হৈ থকা লোক কেইগৰাকীৰ ভিতৰত সোমবাৰে দুই শিশুসহ দুগৰাকী মহিলাই প্ৰাণ হেৰুৱাই।

আনহাতে আন ৮ জন লোক চিকিৎসাধীন হৈ আছিল। ইয়াৰ ভিতৰত চাৰিগৰাকীৰ অৱস্থা সংকটজনক আছিল। সেই চাৰিগৰাকীৰেই মঙলবাৰে পুনৰ তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাই।

এগৰাকী মহিলা বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জোৎস্না গঢ় নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক।

মঙলবাৰে মৃত্যু মুখত পৰা মহিলা কেইগৰাকী হৈছে- সৰুমাই কৰ্মকাৰ, চম্পা কৰ্মকাৰ আৰু ৰীতা কেওট।

আনহাতে- ৰীমা কৰ্মকাৰ (৩৫), জোনাকী প্ৰজা (৩২), অজয় কৰ্মকাৰ (১০) আৰু ছয়নীকা কৰ্মকাৰ (৮) পূৰ্বে প্ৰাণ হেৰুৱাইছিল।

লগতে চাওকঃ

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

G6 2

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!