শোকাৱহ! বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মূৰত পৰিল এগৰাকী মহিলাৰ, কৰুণ মৃত্যু….

এক শোকাৱহ ঘটনা।

বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মূৰত পৰি এগৰাকী মহিলাৰ কৰুণ মৃত্যু।

কাছাৰৰ ধলাই পানিভৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনাটো।

মূৰৰ ওপৰত বিদ্যুতৰ তাঁৰ ছিঙি ৬৫ বছৰীয়া বৃদ্ধাৰ মৃত্যু।

মৃত মহিলাগৰাকী সুষমা নাথ বুলি জানিব পৰা গৈছে।

পথেৰে গৈ থকা অৱস্থাত হঠাৎ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে সুষমা নাথ নামৰ মহিলাগৰাকীৰ গাত।

সমগ্ৰ ঘটনাটো বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।