শোকাৱহ! বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ সংযোগ কৰিব লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ…

এক শোকাৱহ ঘটনা।

বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ সংযোগ কৰিব লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

চতিয়াৰ পোকেখাটিত সংঘটিত হয় শোকাৱহ ঘটনা।

বিদ্যুতৰ খুটাৰ পৰা বিদ্যুৎ সংযোগ কৰিব লওঁতেই বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।

মৃত যুৱকজন ছমেৰ আলী।

আইনুল সহক নামৰ এজন যুৱকৰ ঘৰত বিদ্যুৎ সংযোগ কৰিবলৈ গৈছিল ছমেৰে।

ঘটনা সন্দৰ্ভত আইনুল হকক সোধা-পোছাৰ বাবে থানালৈ নিছে চতিয়া আৰক্ষীয়ে।

ঘটনাকলৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে শোকৰ ছাঁ।