গহপুৰত বানে উটুৱাই নিয়া চৰকাৰী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ।
গহপুৰত পুনৰ বানপানীত পৰি মৃত্যু এজন লোকৰ।
বানপানীত পৰি মৃত্যু হয় ভাৰ্গৱ হাজৰিকা নামৰ এজন যুৱক।
সন্ধিয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।
পথৰ কাষত পানীৰে একাকাৰ হৈ থকা এটা দ খাৱৈত পৰি কৰুণ মৃত্যুক সাবটি লয় যুৱকজনে।
পানীত ওপঙি থকা অৱস্থাত পুৱা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ভাৰ্গৱ হাজৰিকাৰ মৃতদেহ।
হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰ আছিল যুৱকজন।
ভাৰ্গৱ হাজৰিকাৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।