fbpx
অসম

শোকাৱহ! বাইক আৰু পিক আপৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী জোৱানে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক আৰু পিক আপৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী জোৱানে।

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰখাতাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

মৃত আৰক্ষী জোৱানজন ধুবুৰী জিলাৰ বহলপুৰৰ খজেন্দ্ৰ সিংহ বুলি চিনাক্ত কৰা হৈছে।

জোৱানজন অভয়াপুৰী আৰক্ষী থানাত কৰ্মৰত আছিল।

জানিব পৰা মতে, বৰখাতাৰ ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ১৯ এ চি ৪৭১৩ নম্বৰৰ এখন বলেৰ’ পিক-আপ ভেনে এ এছ ১৯ জে ০৮৫৩ নম্বৰৰ বাইকখনক খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

বলেৰ’ পিক-আপ ভেনে বিপৰীত দিশৰ পৰা আহি ভুল দিশে বাইকখনক খুন্দিওৱাৰ ফলত দুৰ্ঘটনা হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!