fbpx
অসম

শোকাৱহ! বহিঃৰাজ্যত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু অসম টাইকোৱানডো দলৰ প্ৰশিক্ষক দিগন্ত বৰাৰ…

এক শোকাৱহ ঘটনা।

হায়দৰাবাদত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু অসম টাইকোৱানডো দলৰ প্ৰশিক্ষক দিগন্ত বৰাৰ।

অসমৰ টাইকোৱানডো দলটোৰ প্ৰশিক্ষক হিচাপে যোৱা বৰাই বুধবাৰে হায়দৰাবাদ পোৱাৰ পাছতে নিশা প্ৰায় ১১ মান বজাত এক দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে, এখন যাত্ৰীবাহি বাছে মহতিয়াই নিয়াৰ পাছতে মূৰত প্ৰচণ্ড আঘাত পোৱাত থিতাতে মৃত্যুক সাৱটি লয় প্ৰশিক্ষকজনে।

দিগন্ত বৰা ডিব্ৰুগড় জিলাৰ চিৰিং গাঁও ৰে’লৱে কলনিৰ বাসিন্দা।

প্ৰশিক্ষকগৰাকীৰ মৃত্যু অসমৰ ক্ৰীড়া জগতৰ বাবে এক দুখবৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!