শোকাৱহ! ব’ল ব’মলৈ গৈ নৈৰ বুকুত সন্ধানহীন হোৱা মধুৰ মৃতদেহ উদ্ধাৰ…

শোকাৱহ! ব’ল ব’মলৈ গৈ নৈৰ বুকুত সন্ধানহীন হোৱা মধুৰ মৃতদেহ উদ্ধাৰ।

ব’ল ব”ম পালন কৰিবলৈ গৈ দেওবাৰে পুৱতি নিশা পাগলাদিয়া নৈত উটি গৈছিল যুৱকজন।

আৰিকুছিৰ মধু দাস (১৮) নামৰ যুৱকজনে গা ধুবলৈ নৈত নামোতে সংঘটিত হৈছিল দুৰ্ঘটনাটো৷

স্থানীয় লোক আৰু SDRFএ অভিযান চলায়ো সোমবাৰে বিফল হৈছিল যুৱকজনক উদ্ধাৰ কৰাত। 

মঙলবাৰে SDRFৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ৷

উল্লেখ্য যে, নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত কমাৰকুছিৰ পাগলাদিয়া নৈত ব’ল ব”মত আহি নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল ১৮ বছৰীয়া মধু দাস।

বৰভাগৰ আৰিকুছি  মধু দাস নামৰ যুৱকজনে পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে কমাৰকুছি দলঙৰ তলত নৈৰ বালিচৰত ব’ল ব”ম উপলক্ষে পূজা অৰ্চনা কৰি পাগলাদিয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল।