অসম
শোকাৱহ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৩ জনৰ…

এক শোকাৱহ ঘটনা।
বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৩ জনৰ।
ওদালগুৰিৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জনকৈ লোক।
নিহত নবীন বসুমতাৰী (৫৩), জামিনী বসুমতাৰী (৩৩) আৰু হাদানশ্বা বসুমতাৰী (১ বছৰ ৬ মাহ)।
নিশা বন্যহস্তীৰ এটা জাকে আক্ৰমণ চলাই ঘৰ-বাৰী ভাঙি তহিলং কৰে।
বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে নিজৰা বসুমতাৰী নামৰ ৭ বছৰীয়া এগৰাকী কিশোৰীৰ।
একেটা পৰিয়ালৰ ৩জন লোক হাতীৰ আক্ৰমণত মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।