শোকাৱহ! বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ নিখোজ একে গাঁৱৰে দুজন যুৱক…

এক শোকাৱহ ঘটনা।

বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ নিখোজ একে গাঁৱৰে দুজন যুৱক।

বিলাসীপাৰাৰ উদমাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে, উদমাৰী কামাখ্যা মন্দিৰৰ কাষেৰে বৈ যোৱা গৌৰাং নৈত শনিবাৰে দহজন বন্ধুৱে মিলি গা ধুবলৈ গৈছিল।

ইয়াৰে গোপেশ নাথ (২০) নৈৰ গভীৰ সোঁতত উটি যোৱা দেখি সমনীয়া বন্ধু জগদীশ নাথে (২০) তেওঁক উদ্ধাৰ কৰিবলৈ গৈ নিজেও নৈৰ সোঁতত উটি যায়।

অৱশ্যে বাকী আঠ বন্ধুৱে কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰা জগদীশ নাথ স্নাতক বিজ্ঞান শাখাৰ দ্বিতীয় ষান্মাসিক আৰু গোপেশ নাথ স্নাতক কলা শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল।

দুয়ো বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ আৰু তেওঁলোকৰ ঘৰ বিলাসীপাৰাৰ গোপীগাঁৱত বুলি জানিব পৰা গৈছে।