অসম

শোকাৱহ! বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দীপৰ…

এক শোকাৱহ ঘটনা।

বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী যুৱকৰ।

নগাঁও চহৰৰ খুটীকটীয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

নগাঁৱৰ কলং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল খুটীকটীয়াৰ দীপ শৰ্মা নামৰ যুৱকজনৰ।

দুই বন্ধুৰ লগত কলঙত গা ধুই থাকোতেই পানীত উটি যায় যুৱকজন৷

পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

যুৱকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱৰ খুটীকটীয়া অঞ্চলত।

Related Articles

Back to top button