fbpx
অসম

শোকাৱহ! বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ধনৰ…

এক শোকাৱহ ঘটনা

বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী যুৱকৰ।

দুই বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ পানীত ডুব গৈ মৃত্যুক সাৱটি লয় সমুজ্জ্বল বৰা ওৰফে ধন নামৰ এজন যুৱকে।

যোৰহাটৰ মনাইমাঝি গাঁৱৰ ভোগদৈ নদীত দেওবাৰে দুপৰীয়া সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা।

ভোগদৈ নদীৰ দলঙৰ তলতে বন্ধুৰ সৈতে গা ধুবলৈ আহি সলিল সমাধি ঘটে মালৌআলিৰ মনাইমাঝিৰ লেহুচুকৰ ২২ বছৰীয়া সমুজ্জ্বল বৰা ওৰফে ধন নামৰ যুৱকজনৰ।

ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে।

স্থানীয় লোকৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে ভোগদৈৰ পানীত সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত অভিযান চলায় যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পেলাইছে।

Related Articles

Back to top button