শোকাৱহ! বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে…

এক শোকাৱহ ঘটনা।

বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে।

নতুন বছৰৰ প্ৰাকক্ষণত বনভোজ খাবলৈ গৈ ৰহাৰ আমচৈ শিৱকুণ্ডত ঘটিল এক অঘটন।

বনভোজস্থলীত বন্যহস্তীৰ হাতত প্ৰাণ হেৰুৱালে ৰহাৰ নামগাঁৱৰ সৰবৰহী যুৱক নিপুল বৰদলৈয়ে।

লগৰীয়াৰ সতে বনভোজ খাবলৈ আমচৈ বৰগাঁ‌ও পথৰ কাষতে আনন্দত মতলীয়া হৈ থাকোতেই সেই স্থানত বনৰীয়া হাতী উপস্থিত হয়।

হঠাৎ হাতী দেখি দলটোৰ অন্যান্য সদস্য সকল যেনি তেনি দৌৰি পলাবলৈ সক্ষম হয় যদিও নিপুলে প্ৰাণ দিব লগা হাতীৰ আক্ৰমণত।

শিক্ষক তথা উচ্চ শিক্ষিত যুৱক জনক হাতীয়ে আক্ৰমণ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে বনভোজ স্থ্লীত হুৱাদুৱা লাগে আৰু ভয়ত কম্পমান সকলো বনভোজৰ দলে সেই স্থান ত্যাগ কৰে।

ইফালে আক্ৰমণ সংঘটিত কৰি হাতীয়ে সেই স্থানৰ পৰা আতৰি নোযোৱাত নিপুল বৰদলৈৰ নিথৰ দেহটো নিশা হে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বকোত কৰ্মৰত নিপুলে এটি পুত্ৰ সন্তান আৰু এটি কণমানি কন্যা সন্তান সহ পত্নীক এৰি থৈ গৈছে।

সম্ভাৱনাময় নাট্য শিল্পী তথা শিক্ষক নিপুল বৰদলৈৰ মৃত্যুত ৰহাৰ বিভিন্ন দল সংগঠনে শোঁক প্ৰকাশ কৰিছে।