শোকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে ১৮ বছৰীয়া ঋতুই…

এক শোকাৱহ ঘটনা।

বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ১৮ বছৰীয়া যুৱকে।

নুমলীগড়ৰ কাষৰীয়া গোলাঘাট জিলাৰ মৰঙী মৌজাৰ কৌৱানীত এই ঘটনা সংঘটিত হৈছে।

খেতি পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি মৃত্যু হয় মেৰাপানীৰ ৰতনপুৰৰ ঋতু বাগ নামৰ যুৱকজনৰ।

দিনৰ ১১ মান বজাত প্ৰবল বৰষুণৰ লগতে হঠাতে অহা বিজুলী ধেৰেকনিত বজ্ৰ পৰাৰ ফলত পথাৰত কাম কৰি থকা অৱস্থাতে যুৱকজনৰ মৃত্যু হয়।

মোমায়েকৰ ঘৰত আলহী খাবলৈ গৈ মোমায়েকক খেতি পথাৰত সহায় কৰি থাকোতেই এই ঘটনা ঘটে।

আনহাতে উক্ত কৌৱানী পথাৰতে কেইবাটাও পশুধনৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 

ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ যুৱক জনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।