শোকাৱহ! পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী লোকৰ…

ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।

শিৱসাগৰৰ দিখৌমুখত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ।

ব্ৰহ্মপুত্ৰৰ বগৰীঅনী চাপৰিত সংঘটিত হৈছে এই ঘটনা।

মৃত লোকজন দিখৌমুখ দেওঘৰীয়াৰ সঞ্জীৱ কলিতা বুলি জানিব পৰা গৈছে।

বগৰীঅনী চাপৰিত টঙীঘৰ সাজি অস্থায়ীকৈ বসবাস কৰি আছিল লোকজনে। চাপৰিত নেমুটেঙাৰ বাৰী আৰু গৰু খুটি আছিল ব্যক্তিজনৰ।

যোৱা ২০ বছৰ ধৰি টঙীঘৰ সাজি গছৰ ওপৰত বসতি কৰি আহিছিল লোকজনে।

কিন্তু বুধবাৰে গৰু আনিবলৈ চাপৰিলৈ যাওতে হাতীৰ জাকৰ সৈতে মুখামুখি হয় লোকজন।

চাপৰিৰ অন্য গুৱালে পাছদিনা পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে।

পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ নামি অহাত শুকুৰবাৰে পুৱা আৰক্ষীক খৱৰ দি ঘটনাস্থলীলৈ ৰাওনা হয়।

অৱশেষত ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।

Leave a Comment