অসম
শোকাৱহ পথ দুৰ্ঘটনা! ৱেগনাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত পৰাগ দাস..

এক শোকাৱহ পথ দুৰ্ঘটনা।
ৱেগনাৰ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ, এজন নিহত।
কামৰূপ জিলাৰ ছয়গাঁৱত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় পৰাগ দাস নামৰ এজন যুৱক।
ছয়গাঁও মাহবিদ্যালয়ৰ সমীপত নিশা সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত ৱেগনাৰ খনৰ নম্বৰ এএছ০১ডিএন৫৮৮৯.
জানিব পৰামতে, তীব্ৰবেগত অহা দুয়োখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
ফলত থিতাতে প্ৰাণ হেৰুৱাই ৱেগনাৰ খনৰ চালক ছয়গাঁও কটহীৰ পৰাগে।