শোকাৱহ পথ দুৰ্ঘটনা! মহানগৰীত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্কুটী আৰোহী জিণ্টুই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

মহানগৰীত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী স্কুটী আৰোহী যুৱকে।

মহানগৰীৰ নুনমাটিত নিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ।

নিহত যুৱকজন খাৰঘূলি জয়পুৰৰ জিণ্টু থাপা।

স্কুটীৰে আহি থকা অৱস্থাত প্ৰথমে বালিত পিছলি পৰে তাৰ পাছতে পিছফালৰ পৰা অহা বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক।