শোকাৱহ পথ দুৰ্ঘটনা, বিজেপি বিধায়কৰ পুত্ৰসহ ৭ মেডিকেলৰ ছাত্ৰৰ কৰুণ মৃত্যু…

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত এগৰাকী বিধায়কৰ পুত্ৰসহ ৭ মেডিকেলৰ ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয়।

সোমাবাৰে নিশা প্ৰায় ১১.৩০ মান বজাত মহাৰাষ্ট্ৰৰ বৰ্ধা জিলাত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

FJ67-SY8-UYAAz-QBE

দুৰ্ঘটনাটোৰ ফলত মহাৰাষ্ট্ৰৰৰ বিজেপি বিধায়ক বিজয় ৰাহাংদালেৰ পুত্ৰৰ কৰুণ মৃত্যু হয়।

ৰাহাংডেল থিৰোদা গোৰেগাঁও বিধানসভা সমষ্টিৰ বিধায়ক।

দুৰ্ঘটনাটোৰ সময়ত বাহনখনত ৭জন মেডিকেলৰ ছাত্ৰ আছিল।

222

কেউজনেই দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটি লয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিজা বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথ তুলঝাপুৰেৰে কোনো ঠাইলৈ গৈ থকা অৱস্থাত হঠাতে বাহনৰ সমুখত কোনো বনৰীয়া জীৱ আহি পৰে।

দুৰ্ঘটনাটো ইমানেই গুৰুতৰ আছিল যে বাহনখন অনিয়ন্ত্ৰিত ভাৱে গৈ নদীত পৰিছিল আৰু দলং ভাঙি পেলাইছিল।

নিহত সকলো শিক্ষাৰ্থীৰ বয়স ২৫ ৰ পৰা ৩৫ বছৰৰ ভিতৰত আছিল।

FJ651r-Gac-AAj-O1g

আৰক্ষী আৰু প্ৰশাসনে বৰ্তমান অধিক অনুসন্ধান কৰি আছে।

মৃতসকলক নীৰজ চৱন, অবিষ্কাৰ ৰাহাংডেল, নীতেশ সিং, বিবেক নন্দন, প্ৰত্যুষ সিং, শুভম জয়ছোৱাল আৰু পৱন শক্তি বুলি চিনাক্ত কৰা হৈছে।

01

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

একে সময়তে, আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

লগতে চাওকঃ

শোকাবহ পথ দুৰ্ঘটনা! দুই কণমানি শিক্ষাৰ্থীসহ শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু…

photo-2022-01-25-16-53-16

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment