শোকাৱহ পথ দুৰ্ঘটনা! বাইক-এম্বুলেন্সৰ ভয়ংকৰ সংঘৰ্ষত নিহত BSF জোৱান…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক-এম্বুলেন্সৰ ভয়ংকৰ সংঘৰ্ষত নিহত BSF জোৱান।

গোৱালপাৰা জিলাৰ ধনুভাঙাত এম্বুলেন্স আৰু এখন ৰয়েল এনফিল্ড মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

জোৱানজন গোৱালপাৰা জিলাৰ শিমলীতোলাৰ বৰবড়ী গাঁৱৰ অজয় পাটগিৰি (৩৫) বুলি জানিব পৰা গৈছে।

বি এছএফত চাকৰি কৰা লোকজন ছুটী লৈ ঘৰলৈ আহি সন্তানে ধূপধৰাৰ কোঠাকুঠিৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে পত্নীৰ সৈতে কোঠাকুঠিৰ ভাড়াঘৰত আছিল।

শনিবাৰে শিমলীতোলাৰ নিজ জন্মগৃহলৈ গৈ থকা অৱস্থাতে বিয়লি প্রায় ৩.৩০ বজাত সংঘটিত হয় দুর্ঘটনাটো।

দুর্ঘটনাত এম্বুলেন্সখন পথৰ দাঁতিত বাগৰি পৰাৰ লগতে মৃত জোৱানজনৰ এনফিল্ড বাইকখন পথৰ মাজত ছিটিকি পৰে।

দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনৰ নম্বৰ এ এছ-০১ এ ডব্লিউ-৩৪২৪ আৰু ৰয়েল এনফিল্ডখনৰ নম্বৰ এ এছ-০১ ই ইউ-২৩৭৮।

দুর্ঘটনা সংঘটিত কৰিয়েই এম্বুলেন্সখনৰ চালকজন পলাই যায়।

ইপিনে দুধনৈৰ আন এক পথ দুর্ঘটনাত মাটিয়া থানাৰ অন্তৰ্গত কাৰিপাৰাৰ ইউছুফ আলী (৪৭)ৰ মৃত্যু হয়।

ইউছুফ আলী বাইকেৰে দুধনৈত বজাৰ কৰিবলৈ আহোতে এ এছ-০১ জে চি ৪৬৮২ নম্বৰৰ তীব্রবেগী ট্রাক এখনে খুন্দা মৰাত থিতাতে নিহত হয়।

Leave a Comment