অসম
শোকাৱহ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বিবাহ যাত্ৰীৰ বাহন, নিহত এজন…

এক শোকাৱহ পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বিবাহ যাত্ৰীৰ বাহন৷
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন বৰযাত্ৰী৷
শনিবাৰে পুৱতি নিশা ডবকাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো৷
নিহত যুৱকজনৰ নাম মাধুৰ্য বৰদলৈই বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে কাকীৰ পৰা কলিয়াবৰ অভিমুখি আছিল AS01EY5695 নম্বৰৰ বৰযাত্ৰীৰ বাহনখন৷
আনহাতে দুৰ্ঘটনাটোৰ ফলত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে৷
আহত সকলক সংকটজনক অৱস্থাত হোজাইৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে৷