শোকাৱহ পথ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে প্ৰতাপে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা!

ট্ৰাকৰ তলত সোমাই প্ৰাণ হেৰুৱালে গোঁসাইগাঁৱৰ এজন লোকে।

নিহত লোকজন এক নম্বৰ গোলাডাঙি গাঁৱৰ প্ৰতাপ সিং বসুমতাৰী বুলি জানিব পৰা গৈছে।

গোসাঁইগাঁওৰ হাৰাফুটাত আজি পুৱা প্ৰায় ১১ মান বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

AP07TH-3479 নম্বৰৰ ট্ৰাকৰ খুন্দাত এজন নিহত লোকজন।

গোসাঁইগাঁওৰ পৰা নিজা AS16G -4605 নম্বৰৰ মটৰ চাইকেল লৈ শ্ৰীৰামপুৰ আহি থকা সময়ত সংঘটিত হয় দুৰ্ঘটনাটো।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্বাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে।

Leave a Comment