fbpx
অসম

শোকাৱহ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ শিশু-মহিলাসহ ৪ গৰাকীৰ কৰুণ মৃত্যুক, আহত ৬জন…

নিউজ ডেস্ক। বিহুৰ আনন্দৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনা।

একেটা পৰিয়ালৰ শিশু-মহিলাসহ ৪ গৰাকী লোকে সাৱটিলে কৰুণ মৃত্যুক।

ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

530

জানিব পৰা মতে, ডবকাৰ ভেলৌগুৰি পাৱাৰগ্ৰীডৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই এখন ইনোভা বাহনে পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত চালক, শিশু আৰু মহিলাসহ চাৰিগৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে আন ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত হোৱা ছয়গৰাকী লোকৰ ভিতৰত পাঁচগৰাকী লোকৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

G4 9

দুৰ্ঘটনাগ্ৰস্ত ইনোভা বাহনখনৰ নম্বৰ এএছ-০১-এডব্লিউ-৪৬১৩।

বাহনখন গুৱাহাটীৰ পৰা ডবকা অভিমুখী আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডবকা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰে।

লগতে চাওকঃ

দোকানৰ সন্মুখত ৰৈ কথা পাতি থাকোতেই ঘটিল এই অঘটন, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

G3 12

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!