এক শোকাৱহ পথ দুৰ্ঘটনা!
ব্যক্তিগত চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত ১২ বছৰীয়া কিশোৰী।
পাথাৰকান্দিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
মাৰুতি ইগিনচ বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এগৰাকী ১২ বছৰীয়া কিশোৰীৰ লগতে আহত হয় এগৰাকী ১৪ বছৰীয়া কিশোৰ।

গুৰুতৰভাৱে আহত হোৱা কিশোৰজন ইমৰাণ আলী বুলি জানিব পৰা গৈছে।
মাছ মাৰি ঘৰলৈ উভতাৰ পথতে বাহনখনে খুন্দা মাৰে দুই কিশোৰ-কিশোৰীক।
সম্প্ৰতি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰজন।
দুৰ্ঘটনা সংঘটিত কৰি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পথাৰত সোমাই পৰে।
লগতে চাওকঃ
কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল
