শোকাৱহ পথ দুৰ্ঘটনা! অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষকে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষকে।

ৰঙিয়াৰ ভাতকুছিৰ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যু হয় সোণম দর্জী (৩৬) নামৰ এগৰাকী শিক্ষকৰ।

ৰঙিয়াৰ ফাতেমা কনভেন্ট স্কুলৰ শিক্ষক সোণম দৰ্জীয়ে বঙাইগাঁৱত থকা আত্মীয়ৰ ঘৰলৈ গৈ নিশাৰ ভাগত নিজৰ মটৰ চাইকেলেৰে ৰঙিয়ালৈ উভতি অহাৰ পথত ভাতকুছিৰ সমীপত এখন অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে

পিচত স্থানীয় ৰাইজ তথা আৰক্ষীয়ে তেওঁক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে অবিবাহিত সোণম দৰ্জীৰ প্ৰকৃত ঘৰ ভূটানত।

ইফালে সৰবৰহী শিক্ষকজনৰ অকাল মৃত্যুত ফাতেমা কনভেন্ট স্কুলৰ শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়।

বিদ্যালয়ৰ শিক্ষক-ছাত্র সমাজে ৰঙিয়া থানালৈ আহি নশ্বৰ দেহত শেষ শ্রদ্ধা জনায়।