শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে।

বৰপেটা চহৰৰ সমীপৱৰ্তী বাৰাদিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত যুৱতীগৰাকী পালহাজীৰ দামালঝাৰ গাঁৱৰ চুফিয়া পাৰবীন বুলি জানিব পৰা গৈছে৷

266334922-436405414718814-9193717536454515342-n

জানিব পৰা মতে, বৰপেটা অভিমুখে আহি থকা অৱস্থাত তীব্ৰ বেগেৰে অহা এ এছ ০১ ই এইচ ৯৯৩০ নম্বৰৰ চুইফট ডিজায়াৰ বাহন স্কুটী খনত খুন্দা মাৰে।

264333342-436405328052156-5077226354754813746-n

ইয়াৰ ফলত স্কুটীখন সম্পুৰ্ণ ৰূপে ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় স্কুটী চালক চুফিয়া পাৰবীন নামৰ যুৱতী গৰাকী৷

267522769-280332104144173-2146197117152557432-n

যুৱতী গৰাকীক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় যুৱতীগৰাকীৰ।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে চুইফট ডিজায়াৰখনে আগত থকা গাড়ী এখনক অতিক্ৰম কৰিব খুজোতেই স্কুটীখনত খুন্দা মাৰে৷

266691704-436405378052151-8089764585278934209-n

চুইফট ডিজায়াৰ গাড়ীখনৰ চালকৰ ভুলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিবলৈ দিছে একাংশ প্ৰত্যক্ষ দৰ্শীয়ে৷

লগতে চাওকঃ

শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২

Leave a Comment