শোকাৱহ! নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে আকাশদ্বীপ, দ্বীপেন, বিদ্যুৎ, ভাইকণ আৰু বিশ্বজিতৰ জীৱন

এক শোকাৱহ পথ দুৰ্ঘটনাই জোঁকৰিছে সমগ্ৰ ৰাজ্য।

নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি নিলে ৫ গৰাকীকৈ সুঠাম যুৱকৰ।

নিশা প্ৰায় ১ মান বজাত শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া।

এখন ছুইফ্ট ডিজায়াৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে বাহনখনত থকা ৫ যুৱকৰ থিতাতে মৃত্যু হয়।

নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন।

বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে- AS 12R 2115।