অসম

শোকাৱহ! নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন-উত্তৰবহী কঢ়িয়াই নিওঁতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু আৰক্ষী বিষয়াৰ..

এক শোকাৱহ ঘটনা।

দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী আৰক্ষী বিষয়াৰ।

গহপুৰৰ গোপালপুৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

মৃত আৰক্ষী বিষয়াগৰাকী লক্ষীৰাম সোণোৱালৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দেওবাৰে অসম চৰাকাৰে আয়োজন কৰা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন-উত্তৰবহী কঢ়িয়াই লৈ অহা সময়তে দুৰ্ঘটনাত পতিত হয় আৰক্ষীৰ বলেৰ’ বাহনখন।

বিশ্বনাথ চাৰিআলিৰ পৰা অহা এএছ১২ এবি৮৩৫৮ নম্বৰৰ আৰক্ষী বলেৰ’ বাহন আৰু গহপুৰৰ পৰা চাৰিআলিৰ দিশে গৈ থকা পৰীক্ষাৰ্থী কঢ়িয়াই অনা এএছ০৭ চি৭৭২১ নম্বৰৰ আলট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত আহত সুশান্ত দাস, ৰত্ন মহন্ত, কনিষ্টবল নৱজ্যোতি শইকীয়া, লক্ষীৰাম সোণোৱালসহ বলেৰ’ চালক।

অতি সংকটজনক অৱস্থাত লক্ষীৰাম সোণোৱাল নামৰ আৰক্ষী বিষয়াগৰাকীক গহপুৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ঠুমুকীলৈ প্ৰেৰণ কৰাত কিছুসময় পিছতে চিকৎসকে মৃত বুলি ঘোষণা কৰে।

দ্বাদশ অসম আৰক্ষী বাহিনীৰ বিষয়া-জোৱানসকলে এবিএছআই লক্ষীৰাম সোণোৱালক নিজা কাৰ্যালয়ত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায়।

Related Articles

Back to top button