এক শোকাৱহ পথ দুৰ্ঘটনা।
য়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বলেৰ’ বাহনৰ।
দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যু হয় এগৰাকী প্ৰাক্তন ছাত্ৰৰ।
গোলাঘাট জিলাৰ বৰপথাৰৰ জালজৰী গাঁৱৰ শিৱমন্দিৰৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
পথ দুৰ্ঘটনাটোৰ ফলত মৃত্যু হয় যুৱ ব্যৱসায়ী তথা প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিৎ বৰাৰ।
বলেৰ’ পিকআপে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ৰঞ্জিৎ বৰা।
চিকিৎসাৰ বাবে গোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে বৰাক।
ঞ্জিৎ বৰা আছিল বৰপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি।
মৃত্যুৰ সময়ত পত্নী, পিতৃ মাতৃ, দুজন ভাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ যায়।
অতি অমায়িক তথা সৰবৰহী যুৱকজনৰ মৃত্যুত বৰপথাৰ তথা ধনশিৰি মহকুমাত পৰিছে শোকৰ ছাঁ।