fbpx
অসম

শোকাৱহ! নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে কণমানি সঞ্জয়ে…

এক শোকাৱহ ঘটনা।

নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী কণমানিয়ে।

চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাক নদীত শনিবাৰে সন্ধিয়া গা ধুবলৈ গৈ সন্ধানহীন হৈছিল সঞ্জয় সৰকাৰ নামৰ কিশোৰজন।

ইয়াৰ পাছতে ঘটনাস্থলীৰ পৰা প্ৰায় সাত কিলোমিটাৰ আঁতৰত থকা সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত উদ্ধাৰ হয় সঞ্জয়ৰ মৃতদেহ।

শনিবাৰৰ বিয়লি সোণাৰি নগৰৰ ভবানীপুৰত টাওকাক নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল সঞ্জয় সৰকাৰ আৰু ৰজত দাস নামৰ কিশোৰ দুটা।

ছয় সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰ দুটি।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সঞ্জয় সৰকাৰ নামৰ কিশোৰটিৰ মৃতদেহ চিনাক্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে সন্ধনহীন হোৱা ৰজত দাস নামৰ আনটি শিশুৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষী তথা এছডিআৰএফৰ লোকে।

ভৱানীপুৰ অঞ্চলৰ নিবাসী দিলিপ সৰকাৰৰ কনিষ্ঠ পুত্ৰ তথা সোণাৰি হাজী অচিমুদ্দিন মেম’ৰিয়েল মিছন স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ সঞ্জয় সৰকাৰৰ মৃত্যুত সমগ্র অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!