শোকাৱহ! নদীত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ…

পুনৰ ৰাজ্যত শোকাৱহ ভাৱে বন্যহস্তীৰ মৃত্যু।

নুমলীগড়ত আন এক বন্যহস্তীৰ কৰুণ মৃত্যু।

নুমলীগড়ৰ মৰঙি মৌজাৰ এক নং চেচাবিল মহখূটিৰ মৃত্যু হয় বন্যহস্তীটোৰ।

দৈগ্ৰোং নদীত উদ্ধাৰ এটা বনৰীয়া হাতীটোৰ মৃতদেহ।

এই হাতীটোৱে কালিৰ বিয়লি নদীত মৃত্যুৰ সৈতে যুজি চটফটাই থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল।

কিন্তু নিশা নদীৰ মাজতেই মৃত্যু হোৱাৰ পিছত বন বিভাগে হাতীটোৰ মৃতদেহ নদীৰ পাৰলৈ উঠাই।

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি এনেদৰেই কৰুণ মৃত্যুক সাবতি হয় বন্যহস্তীটোৱে।