fbpx
অসম

শোকাৱহ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা স্কুটী আৰোহীৰ, থিতাতে মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা স্কুটী আৰোহীৰ, থিতাতে মৃত্যু।

নাৰায়ণপুৰৰ বৰবালিত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত আৰোহীজন নাৰায়ণপুৰৰ জয়ন্ত দত্ত বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ এএছ-০৭-পি-৯৯৯৮।

পুৱা স্থানীয় লোকে পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰে খবৰ দিয়ে আৰক্ষীক।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখ্য যে, নিশাৰ ভাগত পথটো প্ৰায় আন্ধাৰ হৈ পৰে আৰু ষ্ট্ৰিট লাইটৰ ব্যৱস্থা নথকাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!